দেওবাৰে গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেড-মোহন বাগানৰ হাইভল্টেজ মেচ

নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগত দেওবাৰে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হ’ব লগা মেচত মোহন বাগান ছুপাৰ জায়েণ্টৰ মুখামুখি হ’ব৷ ইয়াৰ পূৰ্বে কলকাতাত খেলা মেচত মোহন বাগানৰ বিৰুদ্ধে পৰাস্ত হৈছিল নৰ্থ ইষ্ট ইউনাইটেড৷ কিন্তু ডুৰাণ্ড কাপৰ ফাইনেলত মোহন বাগানকে হৰুৱাই প্ৰথম খিতাপ লাভ কৰিছিল নৰ্থ ইষ্ট দলে৷ উল্লেখ্য যে কাইলৈ মোহন বাগানৰ হৈ প্ৰথম খেলুৱৈৰূপে লীগত শততম মেচ খেলিব তাৰকা শুভাশিষ বসুৱে৷ ইফালে, যোৱা দুখন মেচত গল কৰাত ব্যৰ্থ হোৱা নৰ্থ ইষ্ট ইউনাইটেডৰ মৰক্কোৰ ষ্ট্ৰাইকাৰ আলাউদ্দিন আজাৰায়ে কাইলৈ গুৱাহাটীত হেৰুওৱা ছন্দ পুনৰ ঘুৰাই অনাৰ আশা কৰা হৈছে৷