সাঁথৰৰ উৎপত্তি কেনেকৈ হ'ল জানেনে?
অসমীয়া জনজীৱন তথা অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া সম্পদৰ ভিতৰত এবিধ হৈছে সাঁথৰ। পুৰণি কালতেই মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে সাঁথৰ। কিন্তু বৰ্তমান সময়ছোৱাত সময়ৰ লগে লগে সাঁথৰৰ জনপ্ৰিয়তাও কমি যোৱা পৰিলক্ষিত হৈছে। সাধাৰণতে সাঁথৰ বুলি ক'লেই মনলে এটা কথাই আহে, মাত্ৰ এটা শব্দৰ উত্তৰৰ বাবে বুদ্ধি আৰু জ্ঞানৰ প্ৰয়োগ কৰি দিব লগা পৰীক্ষা। সাঁথৰ শব্দটোৰ উৎপত্তি সাঁথৰ বা সাঁতোৰ শব্দৰ পৰা উদ্ভৱ হৈছে। 'ত' আৰু'থ' উচ্চাৰিত হোৱাৰ কাৰণে সাঁথৰৰ উৎপত্তি নামনি অসমত বুলি ক'ব পাৰি। পানীত পৰিলে পাৰ পাবলৈ সাঁতুৰি - নাদুৰি সক্ষম নোহোৱা মানুহৰ দৰে সাঁথৰৰ উত্তৰ বিচাৰিবলৈও দৃশ্যমান জগতত হাবাথুৰি খাই ফুৰিব লগা হয় । সংস্কৃতত কৌতূহল আৰু আমোদজনক অসংখ্য সাঁথৰ পোৱা যায়। বৰ্তমান এই সমূহ সাঁথৰো অসমীয়া ভাষাত প্ৰচলিত ৰূপত পোৱা যায়। যেনে : ১) চুই চা চুই চা, চুই দিলে পইছা - কেৰেলুৱা। ২) টি টি কৈ টিঞা,কঁকালটি চিঞা হনুমন্ত ভাই, মানুহ খেদি যায় -কদু। ৩) আগ তিতা গুৰি গুৰি মৌ কি খাইছা ভেবেলী বৌ - কুঁহিয়াৰ। ৪) এঠেঙীয়া বগলী নিতৌ নাচে গধূলি - বিচনী। ৫) বগা বগা চাহেবে ৰঙা-ক'লা টুপী পিন্ধে ,এক ঘোচা মাৰি দিলে জ্বলি পকি উঠে - জুইশলা। ইত্যাদি
