ফল’ অনৰ পৰা ৰক্ষা পৰিল ভাৰত

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ব্ৰীছবেনত অনুষ্ঠিত বৰ্ডাৰ —গাভাস্কাৰ ট্ৰফী ছিৰিজৰ তৃতীয় টেষ্টৰ চতুৰ্থদিনা কে এল ৰাহুল(৮৪ ৰান ) আৰু ৰবীন্দ্ৰ জাডেজাৰ (৭৭ৰান)অৰ্ধ শতৰানৰ সহায়ত ভাৰতে ফল’ অনৰ পৰা ৰক্ষা পৰিছে ৷অষ্ট্ৰেলিয়াই কৰা ৪৪৫ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে খেলৰ সামৰণিৰ পৰলৈকে আজি ৯উইকেটত ২৫২ ৰান সংগ্ৰহ কৰিছে প্ৰথম ইনিংছত ৷ দিনান্তত আকাশদীপে ২৭ আৰু জছপ্ৰীত বুমৰাহে ১০ৰানত বেটিং কৰি আছে ৷ পেট কামিনছে৪টা আৰু মিচেল ষ্টাৰ্কে ৩টা উইকেট দখল কৰে ৷ হাতত মাত্ৰ এটা উইকেট থকা অৱস্হাত ভাৰত এতিয়াও পাছ পৰি আছে ১৯৩ ৰ ৰানত ৷ অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত ট্ৰেভিছ হেডে ১৫২ আৰু ষ্টিভ স্মিথে ১০২ ৰানৰ বৰঙনি আগবঢ়ায় বুমৰাহে ৭৬ ৰানত ছটা উইকেট দখল কৰে। কাইলৈ খেলৰ অন্তিম দিন ৷পাঁচখন টেষ্টৰ ছিৰিজত দুয়োটা দলে ১—১ত সমতা স্হাপন কৰি আছে ৷