সোমবাৰৰ পৰা বাজেট অধিবেশন

ৰাজ্যপালৰ ভাষণেৰে সোমবাৰৰ পৰা আৰম্ভ হ’ব অসম বিধান সভাৰ বাজেট অধিবেশন৷ অহা ৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ এই অধিবেশন অনুষ্ঠিত হ’ব, সদন বহিব ১৪ দিন৷ বছৰৰ প্ৰথমখন অধিবেশন হোৱা বাবে ৰাজ্যপালে সংবিধানৰ ১৭৬(১) অনুচ্ছেদ অনুসৰি প্ৰথমদিনাই সদনত ভাষণ দিব৷ ইপিনে, আগন্তুক ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে বিত্ত মন্ত্ৰীয়ে ১২ ফেব্ৰুৱাৰীত বাজেট প্ৰাককলন দাখিল কৰিব৷ অধিবেশনত কমেও দহখন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে৷