নিৰ্বাচন নহ’ল, পঞ্চায়তৰ দায়িত্ব ডিচিক

নিৰ্বাচিত পঞ্চায়তবোৰৰ কাৰ্যকাল অন্ত পৰাত জিলা আয়ুক্তৰ কৰ্তৃত্বলৈ দায়িত্ব হস্তান্তৰ কৰা হৈছে৷ ৰাজ্য চৰকাৰে সময়মতে নিৰ্বাচন অনুষ্ঠিত নকৰাত তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থা পুনৰ আমোলাৰ কৰ্তৃত্বলৈ গৈছে৷ উল্লেখ যে ২০১৮ বৰ্ষত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু সেই নিৰ্বাচনত জয়লাভ কৰা পঞ্চায়ত প্ৰতিনিধিসকলৰ পাঁচ বছৰীয়া কাৰ্যকাল ইতিমধ্যে উকলিছে৷ এনে পৰিপ্ৰেক্ষিতত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিবে এক নিৰ্দেশ যোগে পঞ্চায়তৰ কাম-কাজ আদিৰ দায়িত্ব জিলা আয়ুক্তক ল’বলৈ কৈছে৷ লক্ষণীয় যে ৰাজ্যখনত সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰাৰ পূৰ্বতেও নজিৰ আছে৷ বিধান সভাৰ বিগত ছেপ্তেম্বৰ অধিবেশনত পঞ্চায়ত আইনৰ সংশোধন কৰা হৈছে যদিও ইয়াৰ এতিয়াও অধিসূচনা জাৰি হোৱা নাই৷ পঞ্চায়ত সমষ্টি পুনৰ গঠনৰ কথাও কোৱা হৈছে যদিও সেইক্ষেত্ৰতো কোনো আদেশ জাৰি হোৱা নাই৷ এনে পৰিপ্ৰেক্ষিতত নিৰ্বাচন অধিক বিলম্ব হোৱাৰ সম্ভাৱনা অধিক৷