গুৱাহাটী অভিমুখে প্ৰধানমন্ত্ৰী মোদী, পথ নিৰ্দেশনা
দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে অসমত উপস্থিত হব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সন্ধিয়া ৬.১৫ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী। বৰঝাৰত প্ৰধানমন্ত্ৰীক সাংস্কৃতিক কাৰ্যসূচীৰে আদৰণি জনোৱা হ'ব। বৰঝাৰৰ পৰা জালুকবাৰী, ভৰলুমুখ, পানবজাৰ, টিচি পইণ্ট হৈ জিএচ ৰোডত প্ৰৱেন কৰিব প্ৰধানমন্ত্ৰীৰ কনভয়। নিশাটো কইনাধৰাৰ অতিথিশালাত কটাই দেওবাৰে খানাপাৰাত বিশাল জনসভাত অংশ লৈ প্ৰায় এঘাৰ হাজাৰ ছশ কোটিৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে। ৰাজহুৱা সভাৰ অন্তত পাঞ্জাবাৰী পথ হৈ নাৰেংগীলৈ যাব মোদী। নাৰেংগীৰ সেনা চাউনীৰ হেলিপেডৰ পৰা বিমান বন্দৰলৈ যাত্ৰা কৰিব প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণকালত যাতে মহানগৰীত যানজঁট যাতে সৃষ্টি নহয় তাৰবাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে যানবাহন আৰক্ষীয়ে। জাৰি কৰিছে বিশেষ পথ নিৰ্দেশনা। শনিবাৰে দিনৰ ২ বজাৰ পৰা ১১ বজালৈ ২৭ আৰু ১৭ নং ৰাস্ট্ৰীয় ঘাইপথত চাৰিচকাৰ অধিক সকলো বাণিজ্যিক বাহন নচলিব ৷ একেদৰে দেওবাৰে ৰাতিপুৱা চাৰি বজাৰ পৰা আবেলি ৬ বজালৈ বন্ধ থাকিব সকলো বাণিজ্যিক বাহনৰ চলাচল। দেওবাৰে দিনৰ ২ বজাৰ পৰা ৰাতি ১০ বজালৈ বাণিজ্যিক বাহন চলাচল বন্ধ থাকিব। তদুপৰি মহানগৰীৰ জি এছ ৰোড, পাঞ্জাবাৰী , বি বৰুৱা, GNB ৰোড, MG ROAD, AT ROAD, DG ROADতো বাণিজ্যিক বাহনৰ চলাচল বন্ধ।দেওবাৰে ৰাতিপুৱা ৫ বজাৰ পৰা আবেলি ৬ বজালৈ GS ৰোড, পাঞ্জাবাৰী, ছয়মাইল-নাৰেংগী পথ, ত্ৰিপুৰা ভৱন ৰোড, বেলতলা বজাৰ পথ বাণিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব। প্ৰধানমন্ত্ৰীৰ সভাৰ বাবে অহা যানবাহনৰ বাবে মহানগৰীত ৩৭ টা পাৰ্কিং স্থানৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰে নামনি অসমৰ পৰা অহা গাড়ীৰ বাবে ১৬ টা আৰু উজনি অসমৰ বাবে ১২ টা পাৰ্কিং স্থান থাকিব। দেওবাৰৰ বেলতলা বজাৰ বন্ধ থাকিব।
