আগৰতলাত বিমানত পানী খাই ICUত টীম ইণ্ডিয়াৰ অপেনাৰ

মঙলবাৰে কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট দলৰ অধিনায়ক, টীম ইণ্ডিয়াৰ অন্যতম অ'পেনিং বেটাৰ মায়ংক আগৰৱালক দিল্লীলৈ বুলি বিমানত উঠাৰ পিছতে স্বাস্থ্যৰ অৱনতি ঘটাত আগৰতলাৰ স্থানীয় চিকিৎসালয়লত ভৰ্তি কৰোৱা হয়। তেওঁৰ মেনেজাৰৰ মতে, ক্ৰিকেটাৰজনে দিল্লীমুখী বিমানখনত উঠিয়েই নিজৰ আসনৰ আগত ৰখা এটা পেকেটৰ পৰা পানী খাইছিল। ইয়াৰ কিছু সময়ৰ পিছতে ৩২ বছৰীয়া ক্ৰিকেটাৰ মায়ংকে পেটৰ বিষ আৰু মুখ আৰু ডিঙিত জ্বলা-পোৰা আৰম্ভ হয় আৰু চিকিৎসালয়লৈ নিয়াৰ পূৰ্বে বিমানখনতে বমি কৰে। বিমানৰ পৰা নমাই ক্ৰিকেটাৰজনক আই এল এছ হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হয়।ক্ৰিকেটাৰজন সুস্থিৰ যদিও সময়মতে পৰীক্ষাৰ বাবে চিকিৎসালয়তে ৰখা হয়। ইফালে তেওঁৰ মেনেজাৰে আৰক্ষীৰ ওচৰত আনুষ্ঠানিক অভিযোগ দাখিল কৰি কয় যে ক্ৰিকেটাৰগৰাকীয়ে বিমানত ‘বিষাক্ত পানীয়’ খাইছিল আৰু বিষয়টোৰ সঠিক তদন্ত হ'ব লাগিব। পশ্চিম ত্ৰিপুৰাৰ আৰক্ষী অধীক্ষক কিৰণ কুমাৰে সংবাদ মাধ্যমৰ আগত এই তথ্য নিশ্চিত কৰিছে। চিকিৎসালয়ৰ পৰা ৰিলিজ পোৱাৰ পিছত ভাৰতৰ অ’পেনাৰগৰাকীয়ে বুধবাৰে নিজৰ গৃহ চহৰ বেংগালুৰুলৈ উভতি যাব আৰু তাতেই পৰৱৰ্তী চিকিৎসা গ্ৰহণ কৰিব। ইফালে, চুৰাটত ৰে’লৱেৰ বিৰুদ্ধে কৰ্ণাটকৰ পৰৱৰ্তী খেলত নাথাকিব মায়ংক । কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাই ক্ৰিকেটাৰগৰাকীৰ সৈতে ঘনিষ্ঠ যোগাযোগত আছে আৰু চিকিৎসকৰ সৈতে পৰামৰ্শ কৰি তেওঁলোকে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব।