সন্ধানহীন মুখ্যমন্ত্ৰীৰ সন্ধান ওলাল, হ'ব পাৰে গ্ৰেপ্তাৰ

সোমবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ দিল্লীৰ বাসগৃহত ইডিয়ে চলাইছিল অভিযান। সেই অভিযানকালৰে পৰা নিখোজ হৈ আছিল মুখ্যমন্ত্ৰীগৰাকী। দুৰ্নীতি, অনিয়ম, অবৈধ ধন সৰবৰাহ আৰু বেনামী সম্পত্তিৰ অভিযোগত অভিযুক্ত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ছোৰেনৰ মঙলবাৰে পুৱালৈকে কোনো শুংসূত্ৰ নাছিল। হঠাৎ দুপৰীয়া সদলবলে ছোৰেন উপস্থিত হ’ল ৰাঁচীত। দিল্লীৰ পৰা সোমবাৰে নোহোৱা হোৱা ছোৰেন দিল্লীৰ পৰা গাড়ীৰেই ৰাঁচীলৈ আহিছিল। ৰাঁচীত উপস্থিত হৈ ছোৰেনে সাংবাদিকক ক'লে- মই আপোনালোকৰ হৃদয়ত আছো। সোমবাৰে ভূমি কেলেংকাৰি সন্দৰ্ভত ছোৰেনৰ দিল্লীৰ বাসগৃহত ইডিৰ দলে চলোৱা অভিযানকালত নগদ ধনসহ উদ্ধাৰ কৰিছিল ২ খন বিলাসী বাহনো। আনহাতে মুখ্যমন্ত্ৰী ছোৰেনলৈ ইডিৰ চমনক লৈ ঝাৰখণ্ডত সৃষ্টি হোৱা পৰিস্থিতিকলৈ তৎপৰ হৈছে প্ৰশাসন। ৰাঁচীৰ মুখ্যমন্ত্ৰীৰ আবাস,ইডিৰ কাৰ্যালয়, ৰাজভৱনৰ সমীপত জাৰি ১৪৪ ধাৰা। বিগত সপ্তাহত ছোৰেনলৈ ইডিয়ে পুনৰ জাৰি কৰিছিল চমন। ২৯ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীৰ ভিতৰত হাজিৰ হ’বলৈ ছোৰেনলৈ ইডিয়ে চমন দিছিল । ইয়াৰ পিছতে ২৭ জানুৱাৰীৰ পৰাই কাৰ্যতঃ আত্মগোপন কৰি আছিল ছোৰেনে। ২০ জানুৱাৰীতো ইডিয়ে ৭ ঘন্টাকৈ জেৰা চলাইছিল ছোৰেনক। বিপৰীতে ইডিলৈ সোমবাৰে নিশাই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৈ পত্ৰ প্ৰেৰণ কৰি জনায় যে ৩১ জানুৱাৰীত ইডিৰ সন্মুখত হাজিৰ হ’ব মুখ্যমন্ত্ৰী ছোৰেন। বুধবাৰে হাজিৰ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে পত্ৰ প্ৰেৰণ কৰিলেও যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে হেমন্ত ছোৰেন। ছোৰেনক গ্ৰেপ্তাৰ কৰিলেই সমগ্ৰ ঝাৰখণ্ডতে ঝাৰখণ্ড মুক্তি মৰ্চাই জটিল পৰিস্থিত সৃষ্টি কৰাৰ আশংকাই দেখা দিছে। আনহাতে এই বাতৰি যুগুত কৰা সময়লৈ মুখ্যমন্ত্ৰী ছোৰেনে বাসগৃহতে মন্ত্ৰী, দলীয় বিধায়কসকলৰ সৈতে বৈঠকত মিলিত হৈ তেওঁৰ গ্ৰেপ্তাৰ হ'লে পত্নী কল্পনা ছোৰেনক মুখ্যমন্ত্ৰীৰ পদত অধিস্থিত কৰি ঝাৰখণ্ডত জেএমএমৰ চৰকাৰ চলাই নিয়াৰ প্ৰস্তুতি চলাইছে বুলি একাংশ সংৰাদ মাধ্যমত চৰ্চা চলিছে।