বিচনাত পৰিয়েই টোপনি যায় প্ৰধানমন্ত্ৰী মোদী, ক'লে পৰীক্ষা পে চৰ্চাত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ আইটিপিঅ'ৰ ভাৰত মণ্ডপমত পৰীক্ষা পে চৰ্চাৰ ৭ম সংস্কৰণত অংশগ্ৰহণ কৰি প্ৰায় ৪ হাজাৰ শিক্ষাৰ্থী, শিক্ষক, অভিভাৱকৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মত বিনিময় কৰে। ২০৫.৬২ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰী, ১৪.৯৩ লাখৰো অধিক শিক্ষক আৰু ৫.৬৯ লাখৰো অধিক অভিভাৱকে পৰীক্ষা পে চৰ্চাৰ বাবে অনলাইন পঞ্জীয়ন কৰিছিল। যিকোনো ধৰণৰ চাপ চম্ভালিব পৰাকৈ ছাত্ৰ-ছাত্ৰীসকলে নিজকে প্ৰস্তুত কৰি ৰখাৰ উপদেশ দি প্ৰধানমন্ত্ৰীয়ে কয় ইচ্ছাশক্তিৰ সহায়ত হেঁচাত পৰিও সফলতা লাভ কৰিব পাৰি। শিক্ষাৰ্থীসকলৰ চাপ কমোৱাৰ দায়িত্ব শিক্ষক আৰু অভিভাৱকৰো আছে বুলিও মন্তব্য প্ৰধানমন্ত্ৰীৰ। প্ৰধানমন্ত্ৰীয়ে অভিভাৱকসকলক নিজৰ সন্তানক আনৰ লগত তুলনা নকৰিবলৈকো আহ্বান জনায়। অভিভাৱকে নিজৰ সন্তানৰ ৰিপৰ্ট কাৰ্ডখন নিজৰ ভিজিটিং কাৰ্ডৰূপে গণ্য কৰা অনুচিত বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। পৰীক্ষাৰ সময়ত চাপ কমোৱাৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে অভিভাৱকসকলক পৰীক্ষাৰ সময়ত নিজৰ সন্তানৰ লগত স্বাভাৱিক আচৰণ কৰিবলৈ আহ্বান জনায়। তদুপৰি সুস্বাস্থ্যৰ বাবে টোপনিৰ অপৰিহাৰ্য্যতাতো গুৰুত্ব আৰোপ কৰে মোদীয়ে। তেওঁ নিজে বিচনাত পৰাৰ ত্ৰিশ ছেকেণ্ডৰ ভিতৰতে নিদ্ৰা যায় বুলিও সদৰি কৰে প্ৰধানমন্ত্ৰীয়ে। একেদৰে ম'বাইল ফোনৰ ব্যৱহাৰ সীমিত কৰি স্ক্ৰীণ টাইম হ্ৰাসৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।