৭৫ সংখ্যক গণৰাজ্য দিৱসত কৰ্তব্য পথত দেশৰ নাৰীশক্তিৰ জয়জয়কাৰ
শুকুৰবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশৰ নেতৃত্ব বহন কৰি ৰাজধানী দিল্লীৰ কৰ্তব্য পথত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ পিছত প্ৰদৰ্শিত পেৰেড আৰম্ভ হয় ১০০ৰো অধিক মহিলা শিল্পীয়ে নাৰীশক্তিৰ প্ৰতীকী উপস্থাপনেৰে বিভিন্ন ধৰণৰ পাৰ্কাচন বাদ্যযন্ত্ৰ বজাই পৰিবেশন কৰা 'আৱাহন' শীৰ্ষক বেণ্ডেৰে। পৰম্পৰাগত গণৰাজ্য দিৱসৰ পেৰেডত সৰ্বপ্ৰথমবাৰলৈ এই সংযোজন। পৰম্পৰাৰ পুনৰ ঘূৰাই আনি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু মুখ্য অতিথি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ' ঘোঁৰাবাগীত উঠি কৰ্তব্য পথত উপস্থিত হয়। ৪০ বছৰৰ ব্যৱধানৰ পিছত পুনৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীলৈ ৰাষ্ট্ৰপতি আৰু মুখ্য অতিথি আহিল ঘোঁৰাবাগীত। কৰ্তব্য পথত ফৰাচী সশস্ত্ৰ বাহিনীৰ বেণ্ড আৰু মাৰ্চিং গোটৰ মাৰ্চ পাষ্টেও ঠাই পায়। ৩০ জনীয়া ফৰাছী বেণ্ড কনটিঞ্জেণ্ট, তাৰ পিছত ৯০ জনীয়া মাৰ্চিং কনটিজেণ্টৰ মাৰ্চ পাষ্ট পাৰ হৈ যায় কৰ্তব্য পথেৰে। ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত ভাৰতৰ চহকী সাংস্কৃতিক বৈচিত্ৰ্য, ঐক্য, প্ৰগতি, বৰ্ধিত স্বদেশী সামৰ্থ্যৰে সামৰিক দক্ষতা, আৰু ক্ৰমবৰ্ধমান নাৰী শক্তিৰ প্ৰদৰ্শন কৰা হয়। তদুপৰি প্ৰথমবাৰৰ বাবে সেনাবাহিনীৰ তিনিওটা সেৱাৰ কেৱল নাৰীৰ দ্বাৰা গঠিত এটা দলৰ মাৰ্চ পাষ্টৰ সাক্ষী হৈ ৰ'ল কৰ্তব্য পথ। ফ্লাই-পাষ্টৰ সময়ত মহিলা পাইলটসকলেও নাৰী শক্তি ক প্ৰতিনিধিত্ব কৰি দৰ্শকক মোহিত কৰিছিল। কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ কণ্টিজেণ্টতো কেৱল মহিলা জোৱান আছিল।
