নিযুক্তি পৰীক্ষাৰ দুৰ্নীতি, জালিয়াতি ৰুধিবলৈ বিধানসভাত বিধেয়ক, দোষীৰ দহবছৰ পৰ্যন্ত জেল

নিযুক্তি পৰীক্ষাত জালিয়াতি অনিয়মত জড়িতৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকৰাৰ। এনে অনিয়মত জড়িত দোষী হ'ব ১০ বছৰ পৰ্যন্ত জেল। নিযুক্তি পৰীক্ষাত নকল কৰিলে তিনিবছৰ জেল, এক লাখৰ জৰিমণা পৰীক্ষাৰ লগত জড়িত ব্যক্তিয়ে অনিয়ম কৰাসকলৰ ১০ বছৰৰ জেল, ১০ কোটি টকাৰ জৰিমণা পৰ্যন্ত হ'ব। নিযুক্তি পৰীক্ষাৰ অনিয়ম ৰোধ কৰিবলৈ চৰকাৰে আনিছে এই বিধেয়ক। চৰকাৰী আৰু ৰাজহুৱা নিযুক্তি পৰীক্ষাত নিকা ভাবে কৰিবলৈ চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে পূৰ্বে মন্তব্য কৰিছিল। সেই বিধেয়কখনেই সোমবাৰে উত্থাপন হয় বিধানসভাত। বিধানসভাৰ চলিত অধিবেশনতেই পাছ হ'ব বিধেয়কখন বিধানসভাত উত্থাপিত বিধেয়কখনত নিযুক্তি পৰীক্ষাত হ'ব অনিয়মৰ সংজ্ঞা,ও সন্নিৱিষ্ট আছে। বিধেয়কখনৰ মতে পৰীক্ষাৰ্থীয়ে অকৰ্তৃত্বশীল ভাবে যদি কোনো ব্যক্তিৰ পৰোক্ষ বা প্ৰত্যক্ষ সহায় লয়‌, লিখিত ভাবে, ৰেকৰ্ড কৰি বা কপি বা প্ৰিণ্ট কৰি সহায় লয়, যদি ইলেকট্ৰনিক ডিভাইছ ব্যৱহাৰ কৰে,যদি প্ৰশ্ন কাকত লীক অথবা আনক দিবলৈ চেষ্টা কৰে, যদি প্ৰশ্ন কাকত বিক্ৰী কৰিব বিচাৰে তেতিয়া তাক অপৰাধ হিচাপে গণ্য কৰা হ'ব।‌ তদুপৰি পৰীক্ষাৰ্থীক যদি কোনোবাই সহায় কৰে তেন্তে তাকো অপৰাধ হিচাপে গণ্য কৰা হ'ব। বিধেয়কখনৰ মতে APSC, গুৱাহাটী উচ্চ ন্যায়ালয়, SLRC ৰ নিযুক্তি প্ৰক্ৰিয়াত প্ৰযোজ্য‌ হ'ব নতুন বিধি, একেদৰে SEBA, AHESC এ পতা নিযুক্তি পৰীক্ষাতো প্ৰযোজ্য হ'ব এই সাম্ভাৱ্য আইন।