ৰেডিশ্যন ব্লু গুৱাহাটীত লোমহৰ্ষক হত্যাকাণ্ড, প্ৰেমিকেৰে মিলি প্ৰাক্তন প্ৰেমিকক হানি-খুচি হত্যা যুৱতীৰ

গুৱাহাটীৰ পঞ্চতাৰকা হোটেলত সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা। ৰেডিশ্যন ব্লু হোটেলৰ এটা কোঠাত এজন যুৱকক হানি-খুচি হত্যা কৰিলে এহাল যুৱক-যুৱতীয়ে। এই লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈ মহানগৰ আৰক্ষীকো। এই পৰ্য্যন্ত জানিব পৰা মতে ৰেডিশ্যন ব্লু'ৰ বন্ধ কোঠাত চোকা অস্ত্ৰৰে হানি-খুচি কলিকতাৰ দুই যুৱক-যুৱতীয়ে হত্যা হত্যা কৰিলে যুৱতীগৰাকীৰ পূৰ্বৰ প্রেমিকক। হোটেলত হত্যাকাণ্ডটো সংঘটিত কৰিয়েই পলায়নৰ চেষ্টা কৰে দুই অভিযুক্তই। কিন্তু বিমানবন্দৰলৈ যোৱাৰ পথত আজাৰাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰেমিক-প্ৰেমিকাক। সোমবাৰৰ নিশাই ঘটনাস্থলীত উপস্থিত হয় শীর্ষ আৰক্ষী বিষয়া, CID, ফৰেঞ্চিকৰ দল। ৰেডিশ্যন ব্লু'ৰ ৯ নম্বৰ মহলাৰ এটা কোঠাত এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। কলিকতাৰে যুৱকজনৰ ৰক্তাক্ত মৃতদেহ চমজি লয় গুৱাহাটী আৰক্ষীয়ে। আৰক্ষীসূত্ৰে জানিব পৰা মতে দুই অভিযুক্তই গুৱাহাটীলৈ মাতি আনি যুৱতীগৰাকীৰ পূৰ্বৰ প্রেমিকক নৃশংসভাৱে হত্যা কৰে। যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ। গাৰ নোম শিয়ঁৰি উঠা ঘটনাক লৈ এই পৰ্য্যন্ত মৌন আৰক্ষী আৰু ৰেডিশ্যন ব্লু হোটেল কৰ্তৃপক্ষ।