ঋণং কৃত্বা ঘৃতং পিবেত?

ধাৰত পোত গৈছে নেকি অসম চৰকাৰ? এই লৈ আজি অসম বিধান সভাত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ কালিৰে পৰা আৰম্ভ হৈছে বাজেট অধিবেশন৷ আজি প্ৰশ্নোত্তৰ কালৰ প্ৰথমটো প্ৰশ্নই আছিল চৰকাৰৰ ঋণ সম্পৰ্কীয়, প্ৰশ্নকৰ্ত্তা ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ৷ চলিত ২০২৩-২৪ বিত্তীয় বৰ্ষটোৰ অন্ত পৰিবলৈ মাজতে দুমাহো নাই যদিও সদনত বিত্ত মন্ত্ৰী অজন্তা নেওগে বছৰটোত লোৱা ঋণৰ তথ্য দিব নোৱাৰাত বিৰোধী বিধায়কসকলে প্ৰতিবাদ কৰে৷ কেগৰ অডিট নোহোৱাৰ কথা কৈ তেওঁ ২০২২-২৩ বৰ্ষলৈকেহে ঋণৰ তথ্য প্ৰকাশ কৰিছে৷ সেই মৰ্মে, ২০২৩ বৰ্ষৰ মাৰ্চ মাহলৈকে ৰাজ্যৰ ঋণৰ পৰিমাণ আছিল ১১৫৭৫১.৩২ কোটি টকা৷ ৰাজ্যত বিজেপি চৰকাৰ প্ৰতিষ্ঠা হোৱা বছৰটোত, ২০১৬ বৰ্ষৰ ৩১ মাৰ্চলৈকে বকেয়া ঋণৰ পৰিমাণ আছিল ৩৫৬৯০.২২ কোটি টকা৷ ২০১৬-১৭ বৰ্ষত অসম চৰকাৰে ঋণ লৈছিল ৫৬৪৯.৪৫ কোটি টকা৷ ২০২২-২৩ বৰ্ষত লোৱা ঋণৰ পৰিমাণ বাঢ়ি হৈছিল ২৫৯০২.১৬ কোটি টকা৷ ঋণৰ ধনৰ কিমান টকা সম্পদ সৃষ্টিত ব্যয় কৰা হৈছে, জনমূৰি আয় আৰু ঋণৰ তথ্যও বিৰোধী পক্ষৰ বিধায়কসকলে বিচাৰিছিল যদিও বিত্ত মন্ত্ৰীয়ে সেয়া প্ৰকাশ কৰাত ব্যৰ্থ হয়৷