আকৌ কুকুৰে খোৱা বিস্কুট!

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পোহনীয়া কুকুৰ ‘পিডি’য়ে খোৱা বিস্কুট বিতৰ্ক পুনৰ চৰ্চালৈ আহিছে৷ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত ঝাৰখণ্ডত গান্ধীয়ে এটা কুকুৰক বিস্কুট খুউৱাবলৈ চেষ্টা কৰাৰ এটা ভিডিঅ ভাইৰেল হৈ পৰিছে৷ এই লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো৷ ড° শৰ্মাই এক্সত কৈছে যে এসময়ত গান্ধীয়ে তেওঁক এই কুকুৰৰ বিস্কুট খুৱাবলৈ চেষ্টা কৰিছিল৷ কিন্তু তেওঁ বিস্কুট খোৱাৰ পৰিৱৰ্তে কংগ্ৰেছ দলেই ত্যাগ কৰিলে৷ গান্ধী পৰিয়ালে তেওঁক কুকুৰে খোৱা বিস্কুট খুৱাবলৈ চেষ্টা কৰিও নোৱাৰিলে৷ কুকুৰৰ বিস্কুট খোৱাতকৈ তেওঁ কংগ্ৰেছ ত্যাগ কৰাটো পচন্দ কৰিলে, কিয়নো তেওঁ এজন গৌৰৱশালী অসমীয়া তথা ভাৰতীয়৷ ইপিনে, ৰাহুল গান্ধীয়ে ভাইৰেল ভিডিঅ’টো সম্পৰ্কত কৈছে যে যাত্ৰাৰ সময়ত কুকুৰটোক তেওঁ এখন বিস্কুট খাবলৈ দিছিল৷ কিন্তু কুকুৰটোৱে ভয় খাই আছিল আৰু ভয়তে কঁপি আছিল৷ সেয়ে বিস্কুটখন খাবলৈ ইচ্ছা নকৰাত গৰাকীক বিস্কুটখন দিছিল৷ গৰাকীয়ে দিয়াত কুকুৰটোৱে বিস্কুটখন খাইছিল৷ কুকুৰক লৈ বিজেপি দলৰ ইমান সমস্যা কিয় বুলি তেওঁ প্ৰশ্ন কৰিছে৷ পল্লবী চি চি নামৰ এগৰাকী বিজেপি নেত্ৰীয়ে ছ’চিয়েল মিডিয়াত উল্লিখিত ভিডিঅটো শ্বেয়াৰ কৰি গান্ধীয়ে পূৰ্বতে ড° শৰ্মাক কুকুৰৰ বিস্কুট খাবলৈ দি অপমান কৰিছিল বুলি মন্তব্য কৰিছিল৷