এমাহতে ২৫ কোটি দান দিছে ৰামভক্তই

এমাহৰ ভিতৰতে সংগ্ৰহ হৈছে ২৫ কোটি টকা মূল্যৰ দান ৷ ইয়াৰ ভিতৰত আছে দহ কেজি সোণ আৰু ২৫ কেজি ৰূপ৷ এই দান আগবঢ়াইছে ৰামভক্তই নৱনিৰ্মিত ৰাম মন্দিৰলৈ৷ এয়া হৈছে কেৱল ডনেচন কাউণ্টাৰত দিয়া দানৰ পৰিমাণ৷অনলাইন ডনেচন আৰু ৰামলালালৈ পোনপটীয়াকৈ আগবঢ়োৱা সোণ-ৰূপৰ হিচাপ ইয়াত ধৰা হোৱা নাই৷ প্ৰাণ প্ৰতিষ্ঠাৰ এমাহৰ ভিতৰত, ২২ জানুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ প্ৰায় ৬০ লাখ লোকে ৰাম মন্দিৰ দৰ্শন কৰিছে৷