সীমাৰ সিপাৰলৈ বদলি কৰিব লাগিব বিষয়াক

ষয়াক লোকসভা নিৰ্বাচনৰ আগে আগে বিষয়াৰ বদলি সম্পৰ্কত নতুন নিৰ্দেশ জাৰি কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে৷ গৃহ জিলা আৰু একে স্থানতে তিনিবছৰৰ অধিক সময় কাৰ্যনিৰ্বাহ কৰি থকা বিষয়াসকলক দাঁতিকাষৰীয়া জিলালৈ বদলি কৰিলে নহ’ব , সংশ্লিষ্ট লোকসভা সমষ্টিটোৰ বাহিৰৰ জিলালৈ বদলি কৰাটো নিশ্চিত কৰিব লাগিব ৰাজ্য চৰকাৰসমূহে৷ নিৰ্বাচনৰ কামত প্ৰত্যক্ষভাৱে জড়িতসকলৰ লগতে ছুপাৰভাইজৰী কামত জড়িতসকলকো বদলি কৰিব লাগিব৷ আয়োগে এইক্ষেত্ৰত শূন্য সহনশীল নীতি লৈছে বুলি সকীয়াই দিছে৷ অলপতে অনুষ্ঠিত পাঁচ ৰাজ্যৰ উদাহৰণ দি শনিবাৰে জাৰি কৰা নিৰ্দেশটোত কোৱা হৈছে যে এই নিৰ্দেশ আখৰে আখৰে পালন কৰিব লাগিব, অন্যথা আয়োগে সংশ্লিষ্ট বিষয়াসকলক বদলি কৰিব৷