ৰাজী হ’লেও কাজীৰ ওচৰত নহ’ব নিকাহ!

কাজীৰ ওচৰত আৰু কৰাব নোৱাৰিব নিকাহ! বেআইনী হৈ পৰিব এনে নিকাহ৷ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বাতিলৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে৷ ১৯৩৫ চনৰ এই আইনখন বাতিল কৰাৰ বাবে আছাম ৰিপিলিং অৰ্ডিনেন্সত অনুমোদন দিছে অসম কেবিনেটে৷ বিধান সভাৰ অধিবেশন চলি থকাৰ সময়ত আইনখন বাতিলৰ বাবে বিধেয়ক উত্থাপন কৰাৰ পৰিবৰ্তে অধ্যাদেশ জাৰি কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ ইয়াৰ লগে লগে মুছলিম বিবাহ পঞ্জীয়ক আৰু কাজীসকলৰ পঞ্জীয়ন কৰ্তৃত্বও বাতিল হ’ব৷ কাজীসকলৰ তত্ত্বাৱধানত থকা সকলো নথি-পত্ৰ, পঞ্জীয়ন ৰেকৰ্ড এতিয়াৰে পৰা জিলা আয়ুক্ত আৰু জিলা পঞ্জীয়কে তত্ত্বাৱধানত থাকিব৷ অসমত বৰ্তমান ৯৪ জন কাজী আছে৷ তেওঁলোকৰ পুনৰ সংস্থাপনৰ বাবে ২ লাখ টকাকৈ এককালীন ক্ষতিপূৰণ প্ৰদান কৰা হ’ব৷ উল্লেখ যে অসম চৰকাৰে বহু বিবাহ নিষিদ্ধ কৰাৰ বাবেও আইন অনাৰ কথা কৈছে৷ সেইদৰে, উমৈহতীয়া দেৱানী বিধি ( Uniform Civil Code) আইন অনা হ’ব বুলিও ঘোষণা কৰি থৈছে দিছপুৰত শাসনাধিষ্ঠিত বিজেপি চৰকাৰে৷