৩৯-৩০ ! বিধানসভাত ভোটত কথমপি ৰক্ষা ড৹ শৰ্মা চৰকাৰ

শুকুৰবাৰে অসম বিধানসভাৰ ইতিহাসত ৰচিত হ'ল এক অবাঞ্ছিত ইতিহাস। সদনত হোৱা ভোটত কথমপিহে জয়ী হ'ল চৰকাৰ। সদন স্থগিত হোৱাতহে পৰাজয়ৰ মুখৰ পৰা উভতিল শাষক পক্ষ। বিৰোধী বিধায়ক অখিল গগৈয়ে শুকুৰবাৰে জলসিঞ্চন বিভাগৰে জড়িত এক সংকল্প প্ৰস্তাৱ আনে। প্ৰস্তাৱটো আছিল অসমৰ খেতিপথাৰত বাৰমাহে খেতিৰ সুব্যৱস্থা কৰিব লাগে। এই সম্পৰ্কত চমু আলোচনাৰ পিছত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ধ্বনিভোটত প্ৰস্তাৱটো নাকচ হোৱা বুলি ক'বলৈ লওঁতেই সমস্বৰে আপত্তি দৰ্শায় বিৰোধী পক্ষই। কাৰণ সেই সময়ত সদনত বিৰোধীৰ সংখ্যাধিক্যৰ বিপৰীতে শাসক পক্ষৰ সদস্যৰ উপস্থিতি আছিল নগন্য। সেয়েহে বিৰোধীয়ে দাবী তুলিলে বেলট ভোটৰ। পৰিস্থিতি চাই বিৰোধীৰ দাবী মানি লোৱাৰ গত্যন্তৰ নাছিল অধ্যক্ষৰ। ভোটৰ প্ৰস্তুতিৰ বাবে প্ৰথমে দহ আৰু পিছত বিছ মিনিটৰ বাবে সদন স্থগিত ৰাখে অধ্যক্ষ দৈমাৰীয়ে। তাৰপিছত সদনৰ বাহিৰত শাসক পক্ষৰ দৌৰাদৌৰি। গুৱাহাটীৰ ভিতৰত বিধানসভালৈ আহিব পৰা দূৰত্বত থকা বিধায়কক মাতি অনা হ'ল। নামত কংগ্ৰেছী বিধায়ক হৈ চৰকাৰী পক্ষৰ স্তাৱকত পৰিণত হোৱা দুই বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থ আৰু বসন্ত দাস আকৌ ওলাই যায় সদনৰ পৰা। মূৰকত বেলটযোগে ভোটগ্ৰহণ হ'ল। ফলাফল ওলাল ৩৯-৩০। যেনেতেনে ভোটত জিকি নাকৰক্ষা চৰকাৰী পক্ষৰ। যদিহে সংকল্প প্ৰস্তাৱৰ ভোটত চৰকাৰ হাৰিলেহেঁতেন তেন্তে সদনত আস্থা ভোটৰ সন্মুখীন হ'ব লাগিলহেঁতেন হিমন্তবিশ্ব শৰ্মাৰ চৰকাৰ। কাৰ্যতঃ শাসকীয় পক্ষৰ একাংশ বিধায়কৰ সদনৰ কাৰ্যসূচীত উপস্থিত নথকাৰ প্ৰৱণতাকে শুকুৰবাৰৰ এই ঘটনাই উন্মোচিত কৰিলে।