কিয় এনে কৰিলে মেধাৱী ময়ুৰে, পৰীক্ষাৰ দিনাই আত্মহনন
গুৱাহাটীৰ বেলতলাৰ চাৰ্ভেৰ এটা ফ্লেটত কেয়াৰটেকাৰৰ সৈতে বাস কৰিছিল ময়ুৰ গোস্বামীয়ে। মহানগৰীৰ এখন অভিজাত বিদ্যালয় দিল্লী পাব্লিক স্কুলৰ ছাত্ৰ ময়ুৰৰ বৃহস্পতিবাৰৰ পৰা আছিল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। নিশা সদায় দেৰিলৈকে পঢ়ি থাকে ময়ুৰে। আগনিশাও তাৰ ব্যতিক্ৰম হোৱা নাছিল। কিন্তু পুৱা বহু পৰলৈকে ময়ুৰ কোঠাৰ পৰা ওলাই অহা নাছিল। কেয়াৰটেকাৰজনে বাহিৰৰ পৰা মাতি মাতি ভাগৰি পৰিল। ফোন কৰিলে ময়ুৰৰ চাহ বাগিছাৰ মেনেজাৰ পিতৃ প্ৰণৱ গোস্বামীলৈ। দেউতাকে ক'লে দৰ্জা ভাঙি চাবলৈ। দৰ্জা ভাঙি পেলোৱা হ'ল। কেয়াৰটেকাৰ আৰু এপাৰ্টমেন্টৰ নিৰাপত্তাৰক্ষীয়ে দেখিলে সেই অকল্পনীয় দৃশ্যটো। ময়ুৰৰ প্ৰাণহীন দেহ ওলমি আছিল কোঠাৰ ভিতৰত। চাৰ্ভেৰ চন্দন নগৰৰ উৰ্বশী এনক্লেভৰ বাসিন্দা ময়ুৰ কেইবছৰমান পূৰ্বেই মাতৃহাৰা হৈছিল। অতি মেধাৱী, নম্ৰ, শান্ত ময়ুৰে AISSE পৰীক্ষাত দেশৰ ভিতৰতে স্থান লাভ কৰি উত্তীৰ্ণ হৈছিল। পঢ়াৰ বাদে আন কথা নভৱা ময়ুৰে এই বয়সতে কিয় নিজকে শেষ কৰি পেলালে সেয়া লিখি গৈছে এক আত্মহত্যা টোকাত। আৰক্ষীৰ হাতত পৰা সেই টোকাৰ সবিশেষ জানিব পৰা হোৱা নাই যদিও ধাৰণা কৰা হৈছে পঢ়াৰ বোজা আৰু নিসংগতাই কাল হ'ল মেধাৱী ময়ুৰৰ বাবে। মহানগৰীৰ এই ঘটনাই আকৌ এবাৰ উন্মোচিত কৰিলে মাৰ্কশ্বীটসৰ্বস্ব ছাত্ৰজীৱন আৰু কেৰিয়াৰকেন্দ্ৰিক সমাজজীৱনৰ নিদাৰুণ, নৃশংস পৰিণতিক।
