৫ কঠা মাটি নিদিয়াকৈয়ে বিজেপি গমন ৰাণা গোস্বামীৰ
ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অসম অধ্যায়ৰ অন্ত পৰাৰ পিছতেই বুবুবাবা চলিছিল যে কংগ্ৰেছৰ যোৰহটীয়া নেতা, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ মতি-গতি ভাল নহয়। যিকোনো মুহূৰ্ততে ৰং সলাব পাৰে প্ৰাক্তন কংগ্ৰেছী নেতাজনে। লগে লগে সেই খবৰক উৰাবাতৰি আখ্যা দি ৰাণা গোস্বামীৰ সদম্ভ ঘোষণা- কোনোবাই এই বিষয়ে প্ৰমাণ দিব পাৰে যদি তেওঁৰ নামত গোস্বামীয়ে নিজৰ পাঁচ কঠা পৈতৃক মাটি লিখি দিব। কথাটো দুদিনমানলৈ তল পৰিছিল। কিন্তু তাৰ এটা পষেকৰ পাছতে অতৰ্কিতে জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে এখন ডিজিটেল স্বাক্ষৰ সম্বলিত পত্ৰৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি পদৰ পৰা পদত্যাগ কৰিলে। তাৰ এদিন পিছতে দিল্লীলৈ উৰা মাৰিলে ৰাণা গোস্বামীয়ে। 'কাকতালীয়'ভাৱে সেইদিনাই অৰ্থাৎ মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই ক'লে ৰাণা গোস্বামী বিজেপিলৈ আহিলে তেওঁ সুখী হ'ব। ৰাণা গোস্বামী দিল্লী গৈ পোৱাৰ পিছদিনাই অৰ্থাৎ বুধবাৰে লোকসভা নিৰ্বাচনৰ অসমৰ বিজেপি প্ৰাৰ্থীৰ পেনেল লৈ দিল্লী পালেগৈ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাহহ মুখ্যমন্ত্ৰী। তাৰপিছতেই প্ৰদেশ কংগ্ৰেছে পালে ৰাণা গোস্বামীৰ কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ পত্ৰ। যাৰ অৰ্থ ৰাণা গোস্বামীৰ দৰে ৰাজ্যৰ শীৰ্ষস্থানীয় কংগ্ৰেছ নেতাৰো ক্ষমতাৰ পৰা দীৰ্ঘ বিচ্ছেদৰ ব্যথা সহিব পৰাৰ শক্তি নোহোৱা হ'ল। ৰাণা গোস্বামীও চামিল হ'ল অসমৰ দলবাগৰা নেতাৰ সুদীৰ্ঘ মিছিলত। বাকী মাত্ৰ আনুষ্ঠানিকতা। অৱশ্যে আগতীয়াকৈ কোনেও ৰাণা গোস্বামীৰ দলবাগৰাৰ প্ৰস্তুতিৰ প্ৰমাণ দিব নোৱৰাত গোস্বামীৰ পাঁচ কঠা মাটি ৰাণা গোস্বামীৰে হৈ ৰ'ল!
