বিজেপি ১১, অগপ ২, ইউপিপিএল ১

অসমত বিজেপি নেতৃত্বাধীন শাসকীয় মৰ্চাৰ লোকসভা নিৰ্বাচনৰ আসন বুজা-বুজি সম্পন্ন হৈছে৷ বিজেপিয়ে ১১খন আসনত, অগপই দুখনত আৰু ইউপিপিএলে এখনত প্ৰতিদ্বন্দ্বিতা কৰিব৷ অগপক বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টি দুটা এৰি দিয়াৰ বিপৰীতে ইউপিপিএলক কোকৰাঝাৰ এৰি দিছে বিজেপিয়ে৷ইপিনে, প্ৰদেশ কংগ্ৰেছৰ পদত্যাগী কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে আজি বিজেপি দলত যোগদান কৰিছে৷