আশাৰামৰ আশা নিৰ্বাপিত

ধৰ্ষণত অভিযুক্ত স্বয়ম্ভু ভগৱান আশাৰাম বাপু কাৰাগাৰতেই থাকিব লাগিব৷ উচ্চতম ন্যায়ালয়ে বিতৰ্কিত ধৰ্মগুৰুজনৰ জামিন আবেদন শুকুৰবাৰে নাকচ কৰিছে৷ আশী বছৰীয়া আশাৰাম বাপু ধৰ্ষণৰ দুটাকৈ গোচৰত দোষী সাব্যস্ত হৈছে আৰু বিগত ন বছৰ ধৰি কাৰাগাৰতে আছে৷ নাবালিকাক ধৰ্ষণৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত বাপু ৰোগাক্ৰান্ত বুলি কৈ তেওঁৰ অধিবক্তাই আয়ুৰ্বেদিক চিকিৎসাৰ বাবে জামিন বিচাৰি আবেদন কৰিছিল৷