১৫ লাখত বিক্ৰী প্ৰুফ কপি

এখন কিতাপৰ প্ৰুফ কপি এটা বিক্ৰী হৈছে ১৫ লাখ টকাত! সেইখন আকৌ ছেকেণ্ড হেণ্ড বুক শ্বপৰ পৰা কিনা হৈছিল মাত্ৰ মাত্ৰ ১৩ টকাত৷ সেইখন হৈছে প্ৰথমখন হেৰী প’টাৰ নভেলৰ প্ৰুফ কপি৷ অলপতে ইংলেণ্ডত হোৱা নিলামত কপিটো এই অভাৱনীয় দামত বিক্ৰী হয়৷ কপিটো ১৯৯৭ চনত এখন ছেকেণ্ড হেণ্ড কিতাপৰ দোকানৰ পৰা কিনা হৈছিল৷ প্ৰুফ কপিটোত উপন্যাসিকা J K Rowlingৰ নামটো ভুলতে J A Rowling বুলি ছপা হৈছিল৷