তেলী হ’ল এলাগী, গুৱাহাটীত বিজুলী

লোকসভা নিৰ্বাচনৰ বাবে বিজেপি দলে আজি প্ৰথমখন তালিকা ঘোষণা কৰিছে ৷ এই তালিকাত দেশৰ ১৯৫টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট হৈছে৷ ইয়াৰে ভিতৰত অসমৰ ১১টা সমষ্টিৰ প্ৰাৰ্থীও আছে৷ অসমত ১৪ খন আসনৰ ভিতৰত ১১ খন আসনত প্ৰতিদ্বন্দিতা কৰিব বিজেপিয়ে । তিনিখন আসন মিত্ৰদলক এৰি দিয়া হৈছে৷ প্ৰাৰ্থিত্ব ঘোষণা কৰা ১১টা সমষ্টিৰ ভিতৰত পাঁচটাতে নতুন নতুন মুখক প্ৰাৰ্থিত্ব দিয়া হৈছে৷ ডিব্ৰুগড় লোকসভা সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ পৰিৱৰ্তে আন এজন কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব দিয়া হৈছে৷ সেইদৰে, গুৱাহাটীত প্ৰাৰ্থিত্ব পাইছে পৌৰ নিগমৰ প্ৰাক্তন ডেপুটি মেয়ৰ বিজুলী কলিতা মেধিয়ে৷ নাম ঘোষিত হোৱা অসমৰ ১১জন বিজেপি প্ৰাৰ্থী: ডিব্ৰুগড়- সৰ্বানন্দ সোণোৱাল, গুৱাহাটী- বিজুলী কলিতা মেধি, নগাঁও- সুৰেশ বৰা, ডিফু- অমৰছিং টিছ’, কাজিৰঙা- কামাখ্যা প্ৰসাদ তাছা, যোৰহাট- তপন কুমাৰ গগৈ, কৰিমগঞ্জ- কৃপানাথ মাল্লা, শিলচৰ- পৰিমল শুক্লবৈদ্য, লখিমপুৰ- প্ৰদান বৰুৱা, দৰং-ওদালগুৰি- দিলীপ শইকীয়া, শোণিতপুৰ- ৰঞ্জিৎ দত্ত৷ বৰ্তমানৰ ডিব্ৰুগড়ৰ সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপৰিও গুৱাহাটীৰ কুইন ওজা, তেজপুৰৰ পল্লবলোচন দাস, ডিফুৰ হৰেন ছিং বে’, আৰু শিলচৰৰ সাংসদ ৰাজদীপ ৰয়ক পুনৰ প্ৰাৰ্থিত্ব দিয়া হোৱা নাই৷