আধাৰশিলা-উৎসৱৰ পাছতহে নিৰ্বাচন ঘোষণা, ১৩ মাৰ্চলৈ মোডীৰ ব্যস্ত সূচী

আধাৰশিলা-উৎসৱৰ পাছতহে নিৰ্বাচন ঘোষণা, ১৩ মাৰ্চলৈ মোডীৰ ব্যস্ত সূচী লোকসভা নিৰ্বাচনৰ আনুষ্ঠানিক ঘোষণা অহা ১৩ মাৰ্চৰ পাছতহে হ’ব৷ সদ্যহতে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি/প্ৰকল্পৰ “উদ্বোধন আৰু আধাৰশিলা পষেক” অব্যাহত আছে৷ এই কেইদিনত স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১২ খন ৰাজ্য ভ্ৰমণ কৰিব৷ তেওঁৰ ২৯ টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ কাৰ্যসূচী আছে৷ অসমলৈ তেওঁ দুদিনীয়া কাৰ্যসূচীৰে অহা ৮ মাৰ্চত আহিব৷ শিৱসাগৰত তেওঁ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ মোডীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো চাবলৈ যোৱাৰ কথা৷ ইপিনে, ১৩ মাৰ্চত জাগীৰোডত স্থাপন হ’বলগীয়া টাটা গ্ৰুপৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰো সম্ভাৱনা আছে৷ লক্ষণীয় যে সমান্তৰালভাৱে অসম চৰকাৰৰো আধাৰশিলা স্থাপন আৰু উদ্বোধন চলি আছে৷