অসমত নিৰ্বাচন আয়োগৰ দল, দিছপুৰত বৈঠক

ৰাজ্যৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল'বলৈ গুৱাহাটীত উপস্থিত হ'ল নিৰ্বাচন আয়োগৰ তিনিজনীয়া এটা দল। উপ নিৰ্বাচন আয়ুক্ত হৃদেশ কুমাৰৰ নেতৃত্বত অহা দলটোৱে জনতা ভৱনত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সৈতে বৈঠকত মিলিত হয়। একেদৰে জনতা ভৱনতে গৃহ বিভাগৰ বিষয়াবৰ্গ, আয়কৰ বিভাগ, কৰ বিভাগকে ধৰি গুৰুত্বপূৰ্ণ বিভাগৰ বিষয়াবৰ্গৰেও বৈঠকত বহে আয়োগৰ দলটো।