ষ্টেট বেংকৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ

ইলেক্ট’ৰেল ব’ণ্ডৰ সবিশেষ প্ৰকাশৰ বাবে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মানি নচলাৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ বিৰুদ্ধে আদালত অৱমাননাৰ আবেদন দাখিল কৰিছে এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্ম, চমুকৈ এডিআৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বতাধীন বিচাৰপীঠত চলি থকা ইলেক্ট’ৰেল ব’ণ্ড গোচৰৰ উল্লেখ কৰি এডিআৰৰ অধিবক্তা প্ৰশান্ত ভূষণে শীৰ্ষ আদালতক অৱগত কৰিছে যে ভাৰতীয় ষ্টেট বেংকে ব’ণ্ডৰ সবিশেষ তথ্য দাখিলৰ সময় বৃদ্ধিৰ বাবে আবেদন দাখিল কৰিছে৷ এছবিআইৰ আবেদন সোমবাৰে তালিকাভুক্ত হোৱাৰ সম্ভাৱনা আছে।