খালিস্তানীক ম'বাইল যোগান ধৰি গ্ৰেপ্তাৰ ডিব্ৰুগড় কাৰাগাৰৰ অধীক্ষক

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক নৃপেন দাসক গ্ৰেপ্তাৰ ডিব্ৰুগড় আৰক্ষীৰ। কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানী নেতা অমৃতপাল সিঙ আৰু সংগী কাৰাবন্দীসকলৰ জিম্মাৰ পৰা ম'বাইলকে ধৰি ইলেক্ট্ৰনিক সামগ্ৰী উদ্ধাৰ হৈছিল। ডিব্ৰুগড় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰিছিল। উক্ত গোচৰৰ ভিত্তিত বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ ১৩ (১) খ ধাৰা আৰু অসম কাৰাগাৰ আইনৰ ৭৫ ধাৰাৰ অধীনত কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক নৃপেন দাসক মাজনিশা গ্ৰেপ্তাৰ কৰে। যোৱা ১৭ ফেব্ৰুৱাৰীত অমৃতপাল সিঙৰ কোঠাৰ পৰা জব্দ কৰিছিল এটা চিম কাৰ্ড থকা এটা স্মাৰ্টফোন, এটা কিপেড ফোন, এটা কিবৰ্ড থকা এটা টিভি ৰিম’ট, এটা স্পাইকেম পেইন, পেন ড্ৰাইভ, ব্লুটুথ হেডফোন আৰু স্পীকাৰ আৰু এটা স্মাৰ্টৱাচ। ইয়াৰ পাছতে চোৰাংচোৱা ব্যুৰোৰ এটা দলে ১৮ ফেব্ৰুৱাৰীত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈ নিৰাপত্তা ব্যৱস্থা পৰিদৰ্শন কৰি সামগ্ৰীসমূহ কেনেদৰে কাৰাগাৰৰ ভিতৰলৈ সৰবৰাহ কৰা হল, সেই বিষয়ত তদন্ত কৰে যদিও একো ৰাজহুৱা কৰা নাছিল। পৰৱৰ্তী সময়ত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৱাৰিছ পঞ্জাৱ ডেৰ মুৰব্বী অমৃতপল সিঙৰ কাৰাগাৰৰ কোঠাৰ সমগ্ৰ নিৰাপত্তা ব্যৱস্থাৰ দিশটো পৰ্যালোচনা কৰিছিল। ৰাজ্যৰ ভিতৰতেই অন্যতম কটকটীয়া নিৰাপত্তা থকা স্বত্বেও ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা ৱাৰিছ পঞ্জাৱ ডে মুৰব্বী অমৃতপাল সিঙৰ কোঠাত ইলেক্ট্ৰনিক সামগ্ৰী উদ্ধাৰৰ ঘটনাত কাৰাগাৰৰ ভিতৰে-বাহিৰে হাহাঁকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল। অৱশেষত অনুসন্ধান আৰু তথ্য প্ৰমাণৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কাৰাগাৰখনৰ অধীক্ষককে। অধীক্ষক নৃপেন দাসেই অমৃতপাল সিঙক ম'বাইল ফোন যোগাৰ কৰি দিছিল। অমৃতপাল সিঙৰ সৈতে ফোনত সঘন যোগাযোগ আছিল নৃপেন দাসৰ। এই লৈ তদন্ত তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে।