বলবৎ হ’ল “কা”, আছুৰ আন্দোলন ঘোষণা

লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ প্ৰতীক্ষাৰ মাজতে সোমবাৰে সন্ধিয়া নাগৰিকত্ব ( সংশোধনী) আইন, চমুকৈ “কা” বলবতৰ বাবে নিয়মাৱলী জাৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে৷ ২০০৯ চনৰ নাগৰিকত্ব নিয়মাৱলীৰ সংশোধনী কৰি ১১ মাৰ্চৰ পৰা বলবৎ হোৱাকৈ নাগৰিকত্ব নিয়মাৱলী, ২০২৪ জাৰি কৰা হৈছে৷ এই সংশোধনীয়ে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্থানত ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতত প্ৰবেশ কৰা লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ পথ প্ৰশস্ত কৰিছে৷ ইপিনে, চৰকাৰৰ এই তৎপৰতাৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাই ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে৷ সন্ধিয়া ৰাজ্যজুৰি নিয়মাৱলীৰ প্ৰতিলিপি দাহ কৰিছে আছু কৰ্মীসকলে৷ কাইলৈ জোৰ লৈ সমদল উলিয়াব৷ আনহাৎ,গৃহ বিভাগে ৰাজ্যজুৰি সতৰ্কতা জাৰি কৰাৰ লগতে স্পৰ্শকাতৰ অঞ্চলবোৰত আৰক্ষীৰ লগতে বুজনসংখ্যক অৰ্ধসামৰিক বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে৷