অজাপক ডিব্ৰুগড়, যোৰহাটত গৌৰৱ
অসম জাতীয় পৰিষদক ডিব্ৰুগড় আসনখন এৰি দিছে কংগ্ৰেছে৷ অৱশিষ্ট ১৩খন আসনৰ ১২খনত প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিছে বিৰোধী দলটোৱে৷ লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী সম্পৰ্কত এতিয়াও সিদ্ধান্ত হোৱা নাই৷ বৰ্তমানৰ তিনিজন সাংসদৰ ভিতৰত বৰপেটাৰ সাংসদ আব্দুল খালেকে প্ৰাৰ্থিত্ব পোৱা নাই৷ নগাঁৱত প্ৰদ্যুৎ বৰদলৈকে প্ৰাৰ্থিত্ব দি গৌৰৱ গগৈক যোৰহাটত প্ৰাৰ্থিত্ব দিয়া হৈছে৷ ধুবুৰীত ৰকিবুল হুছেইন আৰু গুৱাহাটীত মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰাৰ্থিত্ব পাইছে৷ কংগ্ৰেছৰ প্ৰাৰ্থীসকল হৈছে— গুৱাহাটীঃ মীৰা বৰঠাকুৰ গোস্বামী; নগাঁওঃ প্ৰদ্যুৎ বৰদলৈ; যোৰহাটঃ গৌৰৱ গগৈ; কাজিৰঙাঃ ৰ’জলীনা তিৰ্কী; বৰপেটাঃ দীপ বায়ন ; ধুবুৰীঃ ৰকিবুল হুছেইন; ডিফুঃ জয়ৰাম ইংলেঙ; দৰং-ওদালগুৰিঃ মাধৱ ৰাজবংশী; শোনিতপুৰঃ প্ৰেমলাল গঞ্জু; কোকৰাঝাৰঃ গৰ্জন মুছাহাৰী; কৰিমগঞ্জতঃ হাফিজ ৰছিদ আহমেদ চৌধুৰী ; শিলচৰঃ সূৰ্যকান্ত সৰকাৰ৷
