ইলেক্ট’ৰেল বণ্ডৰে কোনে দিছে ধন?ছুপ্ৰিম ক’ৰ্টত এছবিআইৰ কমপ্লায়েন্স এফিডেফিট
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ইলেক্ট’ৰেল বণ্ডৰ সকলো তথ্য নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰাৰ এদিন পিছতে বুধবাৰে ভাৰতীয় ষ্টেট বেংকে ইলেক্ট’ৰেল বণ্ডৰ গোচৰত কমপ্লায়েন্স শপতনামা দাখিল কৰিছে। এই শপতনামাত ২০২৪ চনৰ ১৫ ফেব্ৰুৱাৰীলৈকে ক্ৰয় কৰা আৰু ৰিডিম কৰা ইলেক্ট’ৰেল বণ্ডৰ সবিশেষ তথ্য দিছে। এছ বি আইৰ তথ্য অনুসৰি, ২০১৯ চনৰ ১ এপ্ৰিলৰ পৰা ১১ এপ্ৰিলৰ ভিতৰত মুঠ ৩,৩৪৬টা ইলেক্ট’ৰেল বণ্ড ক্ৰয় কৰা হৈছিল আৰু তাৰে ১৬০৯টা বণ্ড ৰিডিম কৰা হৈছে। ২০১৯ চনৰ ১২ এপ্ৰিলৰ পৰা যোৱা১৫ ফেব্ৰুৱাৰীলৈকে মুঠ ১৮,৮৭১টা ইলেক্ট’ৰেল বণ্ড ক্ৰয় কৰাৰ লগতে ২০,৪২১টা বণ্ড ৰিডিম কৰা হৈছে বুলি এছ বি আইৰ তথ্যত কোৱা হৈছে। ইলেক্ট’ৰেল বণ্ডৰ বিতং তথ্য দুটা পাছৱৰ্ড প্ৰটেক্টেড পিডিএফ ফাইলৰ সৈতে পেন ড্ৰাইভত দিয়া হৈছে। পাছৱৰ্ডবোৰ সুকীয়া খামত দিয়া হৈছিল। ৩০ জুনলৈ সময়সীমা বৃদ্ধিৰ বাবে জনোৱা আবেদন উচ্চতম ন্যায়ালয় নাকচ কৰাৰ এদিন পিছতে, মঙলবাৰে ইলেক্ট’ৰেল বণ্ডৰ সবিশেষ নিৰ্বাচন আয়োগক দাখিল কৰিছিল এছ বি আইয়ে।
