বন্ধ কৰি দিয়া হ’ল ১৮ টা OTT

১৮ টাকৈ OTT বন্ধ কৰি দিয়া হ’ল ভাৰতত ৷ অশ্লীল বিষয়বস্তু, নগ্নতা আৰু মহিলাৰ প্ৰতি অপমানজনক দৃশ্য প্ৰচাৰৰ অভিযোগত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে (আই এণ্ড বি) ১৮টা অভাৰ-দ্য-টপ (OTT) প্লেটফৰ্ম বন্ধ কৰি দিছে । একেই অভিযোগত ১৯টা ৱেবছাইট, ১০টা এপ আৰু ৫৭টা বিভিন্ন ছ’চিয়েল মিডিয়া একাউণ্টো বন্ধ কৰি দিয়া হৈছে৷ বন্ধ কৰি দিয়া OTTৰ সম্পূৰ্ণ তালিকা: Dreams Films; Voovi; Yessma; Uncut Adda; Tri Flicks; X Prime; Neon X VIP; Besharams; Hunters; Rabbit; Xtramood; Nuefliks; MoodX; Mojflix; Hot Shots VIP; Fugi; Chikooflix; Prime Play.