বাছনি হ’ল নিৰ্বাচন আয়ুক্ত, কোন এই সুখবীৰ সিং সান্ধু আৰু জ্ঞানেশ কুমাৰ?

প্ৰাক্তন আই এ এছ বিষয়া সুখবীৰ সিং সান্ধু আৰু জ্ঞানেশ কুমাৰক নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। ফেব্ৰুৱাৰী মাহত অনুপ চন্দ্ৰ পাণ্ডেৰ অৱসৰ আৰু যোৱা শনিবাৰে অৰুণ গোৱেলে আকস্মিকভাৱে পদত্যাগ কৰাৰ পিছতে নিৰ্বাচন আয়ুক্তৰ দুটা পদ খালী হৈছিল। সম্প্ৰতি নিৰ্বাচন আয়োগত কেৱল মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰেই কাৰ্যনিৰ্বাহ কৰি আছে৷ বৃহস্পতিবাৰে অনুষ্ঠিত তিনিজনীয়া বাছনি সমিতি বৈঠকত আমোলা দুজনৰ নিযুক্তিত অনুমোদন দিয়া হয় বুলি লোকসভাৰ বিৰোধী দলপতি, কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে সদৰি কৰিছে৷ তিনিজনীয়া এই কমিটী সদস্যসকল হৈছে, প্ৰধানমন্ত্ৰী, প্ৰধানমন্ত্ৰীয়ে মনোনীত কৰা এজন কেন্দ্ৰীয় মন্ত্ৰী, আৰু বিৰোধী দলৰ নেতা বা লোকসভাৰ একক বৃহত্তম বিৰোধী দলৰ নেতা৷ বৈঠকৰ অন্তত চৌধুৰীয়ে কয় যে তেওঁক কেৱল আনুষ্ঠানিকতাৰ বাবেহে মাতি অনা হৈছিল। নামবোৰ ইতিমধ্যে ঠিক হৈ আছিল৷ উল্লেখ্য যে সুখবীৰ সিং সান্ধু হৈছে উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য সচিব৷ পুষ্কৰ সিং ধামি মুখ্যমন্ত্ৰী হওঁতে সান্ধুক মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছিল৷ তেওঁ এন এইচ এ আইৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷  আনহাতে, জ্ঞানেশ কুমাৰ হৈছে কেৰালা কেডাৰৰ আই এ এছ বিষয়া৷ অমিত শ্বাহৰ অধীনত থকা কেন্দ্ৰীয় সমাবায় মন্ত্ৰণালয়ৰ তেওঁ সচিব আছিল৷ যোৱা ৩১ জানুৱাৰীত তেওঁ অৱসৰ লৈছিল৷