খানপাৰাৰ পৰা জালুকবাৰীৰ বাট এতিয়া পোন্ধৰ মিনিটৰ, ছয়লেনযুক্ত পথ

৪৫০ কোটি টকাৰে ছটা লেন, চাৰিখন ফ্লাইঅভাৰ, দুটা ভেহিকুলাৰ আণ্ডাৰপাছ সহ গুৱাহাটী বাইপাছ মুকলি কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই। নৱনিৰ্মিত বশিষ্ঠ ফ্লাইঅভাৰৰ ওপৰত আয়োজিত এক অনুষ্ঠানত ১৬.৪৮৮ কি.মি. দৈৰ্ঘ্যৰ পথছোৱা মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীক ধন্যবাদ জনায় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খানপাৰাৰ পৰা জালুকবাৰী পৰ্যন্ত ছয়লেনযুক্ত এই গুৱাহাটী বাইপাছৰ নিৰ্মাণৰ দায়িত্বত আছিল ধাৰিৱাল বিল্ডটেক নামৰ প্ৰতিষ্ঠানটো। পূৰ্বনিৰ্ধাৰিত সময়তকৈ ছমাহ পূৰ্বেই নিৰ্মাণ সম্পূৰ্ণ কৰে প্ৰতিষ্ঠানটোৱে। বৰাগাঁও, গড়চুক, লখৰা, বশিষ্ঠৰ চাৰিখনকৈ ফ্লাইঅভাৰ আৰু বেহাৰবাৰী, জয়ানগৰত ভেহিকুলাৰ আণ্ডাৰপাছ নতুনকৈ নিৰ্মাণ কৰা হ'ল। ছয়লেনৰ ৮০ ফুট বহল পথ আৰু ফ্লাইঅভাৰ নিৰ্মাণৰ পিছত জালুকবাৰী, খানাপাৰাৰ এই পথছোৱা হৈ উঠাৰ ফলত এতিয়া পূৰ্বৰ ট্ৰেফিকজামৰ সন্মুখীন নোহোৱাকৈ যানবাহনসমূহে পোন্ধৰ মিনিটতে মূল গুৱাহাটী পাৰ হৈ যাব পাৰিব।