এদাল কুচিয়াৰ ৰহস্যময় যাত্ৰা!
ভুক্তভোগীজন হৈছে এজন ৩৪ বছৰীয়া যুৱক৷ এদিন হঠাতে তেওঁৰ তীব্ৰ পেটৰ বিষ হ’ল৷ চিকিৎসকে তাৎক্ষণিকভাৱে এক্স-ৰে আৰু আল্ট্ৰাছাউণ্ড কৰে।স্কেনত তেওঁৰ পেটত এটা ফ’ৰেইন অবজেক্ট সোমাই থকাটো ধৰা পৰে যিটোৱে পেৰিট’নাইটিছ নামৰ জীৱনৰ প্ৰতি ভাবুকি অনা পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ৰোগীৰ অৱস্থালৈ লক্ষ্য কৰি পেটত থকা ৰহস্যময় বস্তুটো আঁতৰাবলৈ জৰুৰী অস্ত্ৰোপচাৰ কৰিবলগীয়া হ’ল। অস্ত্ৰোপচাৰ কৰি হতভম্ব হৈ পৰিল চিকিৎসক৷ সেই ৰহস্যময় বস্তুটো হৈছে এদাল কুচিয়া! মানুহজনৰ পেটৰ ভিতৰত আছে প্ৰায় ১২ ইঞ্চিৰ দীঘল এদাল কুচিয়া, যিদাল জীয়াই আছে৷ কিন্তু সেইদাল, পেটৰ ভিতৰ কেনেকৈ পালেগৈ? পেটত জীয়াই থাকিল কেনেকৈ? কুচিয়াটোৱে যুৱকজনৰ অন্ত্ৰত ছিদ্ৰ কৰি পেলাইছিল। চিকিৎসকে তেওঁৰ অন্ত্ৰৰ পৰা কুচিয়াটো আৰু ক্ষতিগ্ৰস্ত কলাবোৰ সাৱধানে আঁতৰাই পেলাইছে৷ সন্দেহ কৰা হৈছে যে কুচিয়াটোৱে মলদ্বাৰৰে সোমাই বৃহদান্ত্ৰৰ ওপৰেৰে পেটৰ ভিতৰলৈ যাত্ৰা কৰিছিল৷ কেনেকৈ সোমাল বা সোমাব পাৰে, সেই লৈ কোনো স্পষ্ট ধাৰণা কৰিব পৰা হোৱা নাই৷ ঘটনাটো ভিয়েটনামৰ উত্তৰ কোয়াং নিন প্ৰদেশ৷
