কেজৰিৱালক গ্ৰেপ্তাৰ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ কৰিছে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট, চমুকৈ ই ডিয়ে৷ দিল্লী সুৰা নীতি কেলেংকাৰী সম্পৰ্কত আম আদমী পাৰ্টিৰ মুৰব্বীজনক গ্ৰেপ্তাৰ কৰা হৈছে৷ দিল্লী উচ্চ ন্যায়ালয়ে কেজৰিৱালক গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা দিবলৈ অস্বীকাৰ কৰাৰ পাছতে ই ডি তৎপৰ হৈ পৰে৷ সুৰা নীতি গোচৰ সম্পৰ্কত গ্ৰেপ্তাৰ হোৱা কেজৰিৱাল হৈছে দলটোৰ তৃতীয়জন নেতা৷ আনহাতে, কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাতে গ্ৰেপ্তাৰ হোৱা তেওঁ হৈছে প্ৰথমজন মুখ্যমন্ত্ৰী৷