এছ পিক বদলি কৰিলে নিৰ্বাচন আয়োগে

শোণিতপুৰৰ এছ পিক তৎকালে বলৱৎ হোৱাকৈ বদলি কৰিছে নিৰ্বাচন আয়োগে৷ উল্লেখযোগ্য ৰাজনৈতিক নেতাৰ আত্মীয়, যিসকলে ডি চি, এছ পিৰ পদত অধিস্থিত হৈ আছে সেইসকলোকে বদলিৰ নিৰ্দেশ দিছে আয়োগে৷ শোণিতপুৰৰ এছ পি সুশান্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ৷ একে কাৰণত পঞ্জাৱৰো এজন এছ পিক বদলি কৰা হৈছে৷ জিলা প্ৰশাসনে যাতে নিৰ্বাচনৰ সময়ত পক্ষপাতিত্বমূলক আচৰণ কৰিব নোৱাৰে, সেইটো নিশ্চিত কৰিবলৈয়ে এনে বিষয়াসকলক বদলি কৰা হৈছে বুলি কৈছে নিৰ্বাচন আয়োগে৷