ছয় ৰাজ্যৰ গৃহ সচিবক বদলি, পশ্চিম বংগৰ ডিজিপি ৰাজীৱ কুমাৰক অপসাৰণ

লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে পশ্চিম বংগৰ ডিজিপিক অপসাৰণৰ নিৰ্দেশ দিছে ভাৰতৰ নিৰ্বাচন আয়োগে৷ ইয়াৰোপৰি, ছয়খন ৰাজ্যৰ গৃহ সচিবকো বদলি কৰাৰ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে। সোমবাৰে গুজৰাট, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ গৃহ সচিবক বদলিৰ নিৰ্দেশ দিছে৷ আনহাতে, মিজোৰাম আৰু হিমাচল প্ৰদেশৰ সাধাৰণ প্ৰশাসনিক বিভাগৰ সচিবসকলকো পদৰ পৰা অপসাৰণ কৰা হৈছে। পশ্চিম বংগ ডিজিপি ৰাজীৱ কুমাৰক তৎকালে বলবৎ হোৱাকৈ তেওঁৰ পদৰ পৰা অপসাৰণ কৰা হৈছে। কুমাৰক ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ সময়তো কলকাতাৰ আৰক্ষী আয়ুক্ত পদৰ পৰা অপসাৰণ কৰা হৈছিল৷ আনহাতে, গৃহৰক্ষী বাহিনীৰ ডিজি বিবেক সহায়ক পশ্চিমবংগৰ আৰক্ষীৰ নতুন ডিজিপি হিচাপে নিযুক্তি দিয়া হৈছে।