মনোনয়ন পত্ৰ দাখিল আৰু প্ৰত্যাহাৰ কেতিয়া?
নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন৷ ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়, ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায় আৰু ৭ মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব৷ ৰাজ্যত নিৰ্বাচনী সূচীৰ সবিশেষ এনেধৰণৰ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সমষ্টিঃ কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট৷ মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম তাৰিখঃ ২৭ মাৰ্চ৷ মনোনয়ন-পত্ৰ পৰীক্ষাঃ ২৮ মাৰ্চ৷ মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনঃ ৩০ মাৰ্চ৷ ভোটগ্ৰহণঃ ১৯ এপ্ৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সমষ্টিঃ নগাঁও, দৰং-ওদালগুৰি, শিলচৰ, কৰিমগঞ্জ আৰু ডিফু৷ মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম তাৰিখঃ ৪ এপ্ৰিল৷ মনোনয়ন-পত্ৰ পৰীক্ষাঃ ৫ এপ্ৰিল৷ মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখঃ ৮এপ্ৰিল৷ ভোটগ্ৰহণঃ ২৬ এপ্ৰিল তৃতীয় পৰ্যায়ৰ নিৰ্বাচন মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম তাৰিখঃ ১৯ এপ্ৰিল৷ মনোনয়ন-পত্ৰ পৰীক্ষাঃ ২০ এপ্ৰিল৷ মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখঃ২২ এপ্ৰিল৷ ভোটগ্ৰহণঃ ৭ মে’
