সাতটা পৰ্যায়ত লোকসভাৰ ভোট, অসমত বিহুৰ পাছত

ব’হাগ বিহুৰ পাছতহে অসমত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ৷ ভাৰতৰ নিৰ্বাচন আয়োগে আজি লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে৷ সূচী অনুসৰি দেশত সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ৷ অসমত তিনিটা পৰ্যায়ত হ’ব ভোট গ্ৰহণ৷ অসমত ১৯ এপ্ৰিলৰ পৰা ভোট গ্ৰহণ আৰম্ভ হ’ব৷ সেইদিনা কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত; ২৬ এপ্ৰিলত নগাঁও, দৰং-ওদালগুৰি, শিলচৰ, কৰিমগঞ্জ আৰু ডিফুত; আৰু ৭ মে’ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব৷ সমগ্ৰ দেশতে ৪ জুনত ভোট গণনা অনুষ্ঠিত হ’ব৷