শনিবাৰে ঘোষণা হ'ব নিৰ্বাচনৰ দিন-বাৰ, ৩ বজাত নিৰ্বাচন আয়োগৰ সংবাদমেল

উৎকন্ঠাৰ অৱসান ঘটাই নিৰ্বাচন আয়োগে জনালে- শনিবাৰে ঘোষণা কৰা হ'ব দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন। ১৬ মাৰ্চ, শনিবাৰে বিয়লি ৩ বজাত সংবাদমেলযোগে নিৰ্বাচনৰ সূচী ঘোষণা কৰিব নিৰ্বাচন আয়োগে। নিৰ্বাচনৰ সূচী ঘোষণাৰ লগে লগেই প্ৰযোজ্য হ'ব নিৰ্বাচনী আচৰণ বিধি। শুকুৰবাৰে খালী হৈ থকা দুই নিৰ্বাচন আয়ুক্ত পদত সুখবীৰ সিং সান্ধু আৰু জ্ঞানেশ কুমাৰে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে নিৰ্বাচন আয়োগে শনিবাৰে নিৰ্বাচনৰ সূচী প্ৰকাশৰ বিষয়ে সদৰি কৰে।