ডিব্ৰুগড়ত বিৰোধীৰ প্ৰাৰ্থী লুৰিণজ্যোতি, গুৱাহাটী 'ত্যাগ' আপৰ
অৱশেষত ডিব্ৰুগড়ৰ পৰা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰূপে সৰ্বানন্দ সোণোৱালৰ সৈতে যুঁজ দিব লুৰিণজ্যোতি গগৈয়ে। গুৱাহাটীত বিৰোধী ঐক্য মঞ্চৰ বৈঠকত এই ঘোষণা কৰা হয়। আঠটা বিৰোধী দলৰ হৈ ভূপেন বৰা, অখিল গগৈ, অজিত কুমাৰ ভূঞাৰ উপস্থিতিত ঘোষণা কৰা হয় লুৰিণজ্যোতি গগৈৰ প্ৰাৰ্থিত্ব। আনহাতে গুৱাহাটীৰ পৰা প্ৰাৰ্থী প্ৰত্যাহাৰৰ ঘোষণা কৰিছে আম আম আদমী পাৰ্টীয়ে। কংগ্ৰেছতকৈ আগেয়েই ৰাজ্যৰ তিনি সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰি বিৰোধী ঐক্যমঞ্চৰ পৰা ওলাই অহা আপে গুৱাহাটীৰ প্ৰাৰ্থীৰূপে দলটোৰ ৰাজ্যিক সভাপতি ডাক্তৰ ভবেন চৌধুৰীৰ নাম ঘোষণা কৰি থৈছিল। কিন্ত শুকুৰবাৰে আপৰ ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মাৰ উপস্থিতিত আপ নেতৃত্বই গুৱাহাটীৰ পৰা দলৰ প্ৰাৰ্থী প্ৰত্যাহাৰ কৰে। লগতে কংগ্ৰেছৰ বিৰুদ্ধে আপৰ প্ৰাৰ্থীক প্ৰলোভন দিয়াৰ অভিযোগ তুলি আপ নেতৃবৰ্গই দাবী জনায় বিৰোধী ঐক্যৰ স্বাৰ্থত এতিয়া শোণিতপুৰ আৰু ডিব্ৰুগড়ত কংগ্ৰেছ, অজাপই আপৰ প্ৰাৰ্থীৰ সমৰ্থনত নিজা প্ৰাৰ্থী প্ৰত্যাহাৰ কৰক।
