১৩৬৮ কোটি দান! দাতা কৰ্ণৰ ৰূপত লটাৰী কিং
২০১৯ চনৰ ১২ এপ্ৰিলৰ পৰা ২০২৪ চনৰ ২৪ জানুৱাৰীৰ ভিতৰত ইলেক্ট’ৰেল বণ্ডৰে ৰাজনৈতিক দলসমূহক সৰ্বাধিক দান দিছে ফিউচাৰ গেমিং এণ্ড হোটেল চাৰ্ভিচেছ নামৰ কোম্পানীটোৱে৷লটাৰী কিং ৰূপে পৰিচিত চেণ্টিয়াগো মাৰ্টিনৰ এই কোম্পানীটোৱে ১,৩৬৮ কোটি টকা দান কৰিছে। লক্ষণীয় যে ই ডিৰ ৰোষত পৰা এই প্ৰতিষ্ঠানটো আৰু অন্যান্য কোম্পানীসমূহৰ বেংক একাউণ্টৰ ৪১১ কোটি টকা এটাচ্চ কৰা হৈছিল৷ কলকাতাৰ পিএমএলএ আদালতত ধন সৰবৰাহ প্ৰতিৰোধ আইন, ২০০২ৰ অধীনত কোম্পানীটোৰ বিৰুদ্ধে বিচাৰো চলি আছে৷ ৰাজনৈতিক দলবোৰক ২০১৯-২০২৪ৰ ভিতৰত ২২ টা কোম্পানীয়ে ১০০ কোটি টকাতকৈ অধিক পৰিমাণৰ দান আগবঢ়াইছে। হায়দৰাবাদত মুখ্য কাৰ্যালয় থকা মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ্ছ লিমিটেডে ৯৬৬ কোটি টকা দান কৰি এই তালিকাৰ দ্বিতীয় স্থানত আছে। এই সময়ছোৱাত শীৰ্ষ দহটা দাতাৰ তালিকাত থকা আন প্ৰতিষ্ঠানসমূহ হ’ল: কিউইক চাপ্লাই চেইন প্ৰাইভেট লিমিটেড (₹৪১০ কোটি), হালডিয়া এনাৰ্জি লিমিটেড (₹৩৭৭ কোটি), বেদান্তা লিমিটেড (₹৩৭৫.৬৫ কোটি), এচেল মাইনিং এণ্ড ইণ্ডাষ্ট্ৰীজ লিমিটেড (₹২২৪.৪৫ কোটি), ৱেষ্টাৰ্ণ ইউ পি পাৱাৰ ট্ৰেন্সমিছন কোম্পানী লিমিটেড (₹২২০ কোটি), ভাৰতী এয়াৰটেল লিমিটেড (₹১৯৮ কোটি), আৰু কেভেণ্টাৰ ফুডপাৰ্ক ইনফ্ৰা লিমিটেড (₹১৯৫ কোটি)। ইলেক্ট’ৰেল বণ্ডৰ আন আন প্ৰধান ক্ৰেতাসকলৰ ভিতৰত আছে— গ্ৰাছিম ইণ্ডাষ্ট্ৰীজ, মেঘা ইঞ্জিনিয়াৰিং, পিৰামল এণ্টাৰপ্ৰাইজ, টৰেণ্ট পাৱাৰ, ডিএলএফ কমাৰ্চিয়েল ডেভেলপাৰ্ছ, এপ’ল’ টায়াৰ, লক্ষ্মী মিত্তল, এডেলৱাইছ, পিভিআৰ, চুলা ৱাইন, ৱেলছপুন, আৰু ছান ফাৰ্মা।
