বিজেপিৰ তহবিলত ছয় হাজাৰ কোটি

ইলেক্ট’ৰেল ব’ণ্ডৰ পৰা সৰ্বাধিক ধন পাইছে শাসকীয় বিজেপি দলে৷ বিজেপিয়ে সমুদায় ব’ণ্ডৰ প্ৰায় ৪৭.৫ শতাংশ ধন আদায় কৰিছে৷ টকাৰ হিচাপত এই পৰিমাণ হৈছে — ৬,০৬০.৫ কোটি টকা৷ দ্বিতীয় স্থানত আছে মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছ৷ তৃণমূল কংগ্ৰেছে বণ্ডৰ ১,৬০৯.৫০ কোটি টকা (১২.৬%) ভঙাই লৈছে৷ তৃতীয় স্থানৰ কংগ্ৰেছে ১,৪২১.৯ কোটি টকা (১১.১%) আদায় কৰিছে৷ আনহাতে, ভাৰত ৰাষ্ট্ৰ সমিতিয়ে(BRS) ৯.৫%, বিজু জনতা দলে (BJD) ৬.১%, আৰু দ্ৰাবিদা মুনেত্ৰ কাঝাগমে (DMK)৫% ধন লাভ কৰিছে৷ আন আন দলসমূহে ₹৫০০ কোটিতকৈ অধিক মূল্যৰ নিৰ্বাচনী বণ্ড নগদ কৰি লৈছিল।