আইনী মেৰ-পেচত “কামাখ্যা কৰিডৰ”
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰা প্ৰস্তাৱিত কামাখ্যা কৰিডৰৰ নিৰ্মাণে ক্ষতি কৰিব নেকি ঐতিহাসিক মন্দিৰটোৰ? অসম চৰকাৰে ইয়াৰ উত্তৰ দিব লাগিব ৷ 498 কোটি টকীয়া কামাখ্যা কৰিড’ৰ প্ৰকল্প প্ৰসংগত গুৱাহাটী উচ্চ নায়ালয়ে মঙলবাৰে জাননী জাৰি কৰিছে অসম চৰকাৰক । গীতিকা ভট্টাচাৰ্য আৰু অন্য বাৰ গৰাকী লোকে প্ৰস্তাৱিত কামাখ্যা কৰিড’ৰৰ নিৰ্মাণৰ কামত স্থগিতাদেশ আৰু চৰকাৰৰ শ্বেতপত্ৰ বিচাৰি দাখিল কৰা এখন পিআইএল শুনানি গ্ৰহণ কৰিছে ন্যায়ালয়ে৷ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ সুমন শ্যামৰ আদালতে অসম চৰকাৰক জাননীৰ উত্তৰ দিবলৈ দুসপ্তাহৰ সময় দিছে, পৰৱৰ্তী শুনানী হ’ব ২২ এপ্ৰিলত৷ আবেদনকাৰীয়ে পুৰাতত্ত্ব বিভাগৰ পৰা পূৰ্বৰ অনুমোদন আৰু অনুমতি নোহোৱাকৈ প্ৰস্তাৱিত কামাখ্যা কৰিড’ৰৰ নিৰ্মাণ আৰম্ভ নকৰিবলৈ, ঐতিহাসিক মন্দিৰটোৰ যুগ যুগ ধৰি চলি অহা গাঁথনিটোৰ কোনো ধৰণৰ ক্ষতি নোহোৱাটো নিশ্চিত কৰা, নীলাচল পাহাৰত অৱস্থিত প্ৰাকৃতিক গুহা,গৰ্ভ গৃহ, প্ৰাকৃতিক জলপ্ৰপাত আদিৰ কোনোধৰণৰ ক্ষতি হ’ব পৰা ধৰণৰ কাম কৰা নহ’ব বুলি কৰ্তৃপক্ষৰ পৰা স্পষ্টীকৰণ বিচাৰিছে ৷ কেন্দ্ৰীয় চৰকাৰৰ ‘PM-DeviNe' আৰু 'PRASAD' আঁচনিৰ অধীনত অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰিবলগীয়া ’মা কামাখ্যা কৰিড’ৰ আধাৰ শিলা প্ৰধানমন্ত্ৰীয়ে যোৱা ৪ ফেব্ৰুৱাৰীত স্থাপন কৰিছিল৷
