প্ৰচাৰ আৰু সুৰা নিষিদ্ধ

৫ মে’ৰ সন্ধিয়াৰে পৰা নিষিদ্ধ হ’ব নিৰ্বাচনী প্ৰচাৰ আৰু সুৰা৷ অহা ৭ মে’ত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত অসমৰ চাৰিটা সংসদীয় সমষ্টি— গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ জন প্রতিনিধিত্ব আইন-১৯৫১ৰ ধাৰা ১২৬ অনুসৰি লোকসভা নিৰ্বাচনৰ ভোট গ্রহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টা আগতে ৰাজনৈতিক দলৰ প্রার্থীসকলে নির্বাচনী প্রচাৰ সমাপ্ত কৰিব লাগে। এই অনুসৰি ৭ মে’ত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ ৪ টা সমষ্টিৰ নিৰ্বাচনৰ ক্ষেত্ৰত অহা ৫ মে’ৰ সন্ধিয়া ৫ বজাত ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ সমাপ্ত কৰিব লাগিব। ৫ মে’ৰ সন্ধিয়া ৫ বজাৰ পৰা কোনো লোকে নিৰ্বাচনী প্ৰচাৰ সম্বন্ধীয় সভা, শোভাযাত্ৰা আদি অনুষ্ঠিত কৰিব নোৱাৰিব বা কোনো জনসমাগমত নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব। তদুপৰি টেলিভিশ্বন, চিনেমেটোগ্ৰাফ বা অন্য তেনে কোনো মাধ্যমত নিৰ্বাচনী প্ৰচাৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই সময়ছোৱাত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, নাট্যানুষ্ঠান বা যিকোনো মনোৰঞ্জনধৰ্মী অনুষ্ঠান অনুষ্ঠিত কৰি নিৰ্বাচন সম্পৰ্কীয় প্ৰচাৰেৰে জনসাধাৰণক প্ৰভাৱিত কৰিব নোৱাৰিব। আনহাতে, স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত ভোটগ্ৰহণ শেষ হোৱাৰ পূৰ্বৰ ৪৮ ঘণ্টা ড্ৰাই ডে’ ঘোষণা কৰিছে। এই অনুসৰি অহা ৭ মে’ত তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটী লোকসভা সমষ্টিৰ ক্ষেত্ৰত সংশ্লিষ্ট এলেকাবোৰত ৫ মে’ৰ সন্ধিয়া ৫ বজাৰ পৰা ৭ মে’ৰ সন্ধিয়া ৫ বজালৈকে ড্ৰাই ডে’ ঘোষণা কৰা হৈছে। আনহাতে, ৪ জুন তাৰিখে ভোট গণনাৰ দিনটোতো ভোট গণনা শেষ নোহোৱা পৰ্যন্ত সমগ্ৰ দিনটো ড্ৰাই ডে’ বাহাল থাকিব। ড্ৰাই ডে’ ঘোষণা হোৱা সময়খিনিত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অন্তৰ্ভূক্ত অঞ্চলৰ ভিতৰত কোনো ব্যক্তি বা দলে নিচাজাতীয় দ্ৰব্য মজুতকৰণ, সুৰা বিক্ৰী, মাদক দ্ৰব্য বিতৰণ বা হোটেলত এনে ধৰণৰ সামগ্ৰী খোৱা আদিত নিষেধাজ্ঞা জাৰি কৰা হৈছে।সকলো শুল্কাধীন পণ্যাগাৰ, ভাৰতত নিৰ্মিত বৈদেশিক সুৰাৰ খুচুৰা দোকান বা বাৰ অথবা ক্লাব, হোটেল, ষ্টাৰ হোটেল, দেশীয় সুৰা দোকান বা অন্য ধৰণৰ প্ৰতিষ্ঠানত এই ড্ৰাই ডে’ৰ সময়ছোৱাত মদ বিক্ৰী বা মদ পৰিৱেশন কৰা বন্ধ থাকিব। তদুপৰি এই সময়খিনিত কোনো ব্যক্তিৰ দ্বাৰা মদ মজুতকৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আৱকাৰী আইনৰ জৰিয়তে অনুজ্ঞাপত্ৰবিহীন ভাৱে মাদক দ্ৰব্য মজুতকৰণৰ বিষয়ত জিলা আয়ুক্তৰ দ্বাৰা ব্যাপক অভিযান চলোৱা হ’ব আৰু আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিছে নিৰ্বাচন আয়োগে৷