ধুবুৰীলৈ নুৰিল মুখ্যমন্ত্ৰী, ৰকিবুলৰ হেলিকপ্টাৰ, অখিলৰ সভাত জনসমুদ্ৰ
অসমৰ অন্তিম চাৰি সমষ্টিৰ নিৰ্বাচনী পৰ্যায়ৰ দেওবাৰে অন্তিম দিন। মঙলবাৰে ভোটগ্ৰহণ হ'বলগীয়া চাৰি সমষ্টিৰ অন্যতম ধুবুৰী লোকসভা সমষ্টিত তিনিকোণীয়া প্ৰতিদ্বন্দিতা নিশ্চিত হৈছে। AIUDF প্ৰধান বদৰুদ্দিন আজমলক পূৰ্ণ প্ৰত্যাহ্বান জনাইছে বিজেপি মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী জাভেদ ইচলাম আৰু বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে। লক্ষ্যনীয়ভাৱে নাযাঁও বুলি কৈয়ো মূৰকত ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই। অন্তিম দিনাও ধুবুৰীত প্ৰচাৰ চলাবলৈ মুখ্যমন্ত্ৰী যোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে নুৰিল হেলিকপ্টাৰ। কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰো একেই দশা হ'ল। কিন্ত ধুবুৰীৰ মানকাচাৰ বিধান সভা সমষ্টিৰ খাৰুৱাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অখিল গগৈৰ প্ৰচাৰ সভাত সৃষ্টি হ'ল জনসমুদ্ৰৰ। ৰকিবুল হুছেইনৰ হৈ অখিলৰ সভাত ভাৰতীয় সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ সংকল্প গ্ৰহণ কৰে ২০ সহস্ৰাধিক নাগৰিকে। শপত গ্ৰহণ কৰাই ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কটু সমালোচনা কৰে আজমল আৰু বিজেপিক। সাম্প্ৰদায়িক বিজেপি-অগপ-এআইইউডিএফক পৰাস্ত কৰি বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী ৰকিবুলক ভোটদান কৰিবলৈ ৰাইজক আহ্বান অখিল গগৈৰ।
