সামৰণিৰ দিনা প্ৰচাৰ তুংগত, গুৱাহাটীত শাসক-বিৰোধীৰ শক্তি প্ৰদৰ্শন
দেওবাৰে বিয়লি ৫ বজাত অন্ত পৰিব লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত, অৰ্থাৎ অহা ৭ মে’ত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া অসমৰ ৪ টা সংসদীয় সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ । ঠিক পাঁচ বজাৰ লগে লগে গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীত ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰৰ সামৰণি মাৰিব লাগিব ৷ বৰপেটা, ধুবুৰী, গুৱাহাটী আৰু কোকৰাঝাৰ সমষ্টিত শেষৰ দিনাৰ নিৰ্বাচনী প্ৰচাৰত পুৱাৰে পৰা ব্যস্ত পৰিছে প্ৰাৰ্থী, দলসমূহৰ নেতা-কৰ্মী । দেওবাৰে পুৱাই গুৱাহাটী মহানগৰীত কংগ্ৰছে আৰু বিজেপি, দুয়োটা দলেই উলিয়ালে বিশাল নিৰ্বাচনী ৰেলী । আজি পুৱাতেই যুৱ বিজেপিৰ উদ্যোগত গুৱাহাটীত উলিওৱা হয় এটা বিশাল বাইক ৰেলী । খানাপাৰাৰ পৰা উলিওৱা এই বাইক ৰেলীত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । খানাপাৰাৰ পৰা লতাশিল খেল পথাৰলৈ হাজাৰ হাজাৰ যুৱকৰ অংশগ্ৰহণেৰে উলিওৱা এই বাইক ৰেলীৰে দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত গুৱাহাটীত শক্তি প্ৰদৰ্শন কৰে শাসকীয় দলটোৱে । আনহাতে, গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা দিশপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সলৈ বিৰোধী কংগ্ৰেছ দলে উলিয়াই এটা বিশাল ৰেলী৷ ৰাজ্যিক সভাপতি ভূপেন বৰা, তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, জ্যেষ্ঠ নেতা প্ৰদ্যুত বৰদলৈ, দেৱব্ৰত শইকীয়া আদিৰ নেতৃত্বত হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে এই ৰেলীত অংশ লয়৷ ইপিনে, অগপৰ যুৱ পৰিষদেও গুৱাহাটীত বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত আন এটা বাইক ৰেলীৰে প্ৰচাৰ চলায় ৷
