বতৰৰ বিঘিনিৰ আশংকা, ৩৮ হাজাৰ নিৰ্বাচন কৰ্মী ৰাওনা ভোটগ্ৰহণ কেন্দ্ৰলৈ

বৰষুণৰ বতৰে প্ৰভাৱ পেলাব পাৰে ৰাজ্যৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণত৷ ৭ মে’ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ ভোটৰ দিনা সেমেকা হ’ব পাৰে পৰিবেশ৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এসপ্তাহলৈ বৰষুণ হৈ থকাৰ আগজাননী দিছে৷ বিজুলী গাজনিৰে অহা ১১ মে’ পৰ্যন্ত বৰষুণ হ’ব পাৰে৷ স্বাভাৱিকতে এই সময়ছোৱাত তাপমাত্ৰাও হ্ৰাস পাব৷ সোমবাৰে বৰষুণৰ মাজতে নিৰ্বাচন কৰ্মীসকলে ভোটগ্ৰহণ কেন্দ্ৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছে৷ চাৰিওটা সমষ্টিৰ ৯৫১৬ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ নিৰ্বাচন আয়োগে ৩৮,০৬৪জন কৰ্মচাৰীক ভোটগ্ৰহণৰ কামত নিয়োজিত কৰিছে৷ ধুবুৰীৰ চৰাঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে কালিয়েই নিৰ্বাচন কৰ্মী ৰাওনা হৈছে৷