চাৰি সমষ্টিত ৰাজহুৱা বন্ধ ঘোষণা

৭ মে'ত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া চাৰিটা লোকসভা সমষ্টি এলেকাত ৰাজহুৱা  বন্ধ ঘোষণা কৰা হৈছে৷ মঙলবাৰে ৰাজ্যৰ  গুৱাহাটী, কোকৰাঝাৰ (এছটি), ধুবুৰী আৰু বৰপেটাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ সেইদিনা এই চাৰিওটা সংসদীয় সমষ্টি এলেকাৰ সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, ব্যৱসায় আৰু বাণিজ্যিক প্ৰতিষ্ঠান, চাহ বাগিচা আৰু উদ্যোগ আদি ভোটগ্ৰহণ উপলক্ষ্যে বন্ধ থাকিব। নিৰ্বাচন আয়োগে এই বন্ধৰ জাননী জাৰি কৰিছে৷